যোগৰ প্ৰকাৰ
“যোগেন চিত্তস্য পদেন বাচাং
মলং শৰীৰস্য চ বৈদ্যকেন ।
যো পাকৰোত্তম্ প্ৰৱৰম্ মুনিনাম্
পতঞ্জলিং প্ৰাঞ্জলিৰানতো স্মি ।।
যোগ দৰ্শনৰ প্ৰৱৰ্তক মুনি পতঞ্জলিৰ এইফাকি শ্লোকৰ জৰিয়তে যোগৰ দ্বাৰা চিত্তশুদ্ধিৰ শিক্ষা দিছে । চিত্তশুদ্ধি, বাক্যশুদ্ধি, আৰু দেহাশুদ্ধি নহলে যোগৰ প্ৰতিস্থা নহয় । গীতাত ইয়াক শৰীৰ তপস্য (শৰীৰং তপঃ),বাচিক তপস্য(বাঙ্ময়ং তপঃ), আৰু মানস তপস্য(মানসং তপঃ) বুলি কোলা হৈছে ।(গীতা ১৭/১৪-১৬)।পতঞ্জলি বৰ্ণিত যোগ বৈছে অষ্টাংগৰ সাধনা । যম,নিয়ম,আসন,প্ৰাণায়াম,প্ৰত্যাহাৰ,ধাৰণা,ধ্যান আৰু সমাধি-এই আঠবিধ যোগৰ আংগ বুলি কোৱা হেছে ।যোগৰ লক্ষই হৈছে- কেবাল্য অৰ্থাত্ সংসাৰৰ মায়াজালৰ পৰা মুক্তি, ঋষি পতঞ্জলিয়ে যাক “স্বৰূপে ৱস্তানম” বুলি কৈছে ।যোগ দৰ্শনৰ মতে অভ্যাস আৰু বৈৰাগ্যৰ যোগেদি চিত্ত সংযম কৰিব পাৰি । ৰজঃ আৰু তমঃ গুণৰ পৰা উত্পন্ন হোৱা যি ভাৱ তাক বিচাৰৰ দ্বাৰা প্ৰতিবন্ধ কৰাই হৈছে অভ্যাস।পৃথিৱীৰ ভোগৰ পৰা আৰু বেদোক্ত যজ্ঞ সাধনৰ দ্বাৰা যি কৰ্মৰ ফল স্বৰ্গভোগ, তাপৰা নিজৰ চিত্তক আতৰাই অনাই হল বৈৰাগ্য ।
শ্ৰীমদ্ভাগৱদগীতাত তিনি শ্ৰেণীৰ লোকৰ উপযোগি কৰি তিনি প্ৰকাৰৰ যোগৰ ব্যৱস্থা দিছে ।এই তিনি প্ৰকাৰৰ যোগ হৈছে- উদ্যোগী,কৰ্মপ্ৰিয়,সমাজকৰ্মী লোকৰ বাবে কৰ্মযোগ,অনুভৱী আৰু আৱেগপ্ৰৱন ব্যক্তিৰ বাবে ঈশ্বৰত পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে আত্ম-সমৰ্পণ কৰি সাধন কৰা ভক্তিযোগ আৰু চিন্তাশীল, বিশ্লেষণপ্ৰিয় বা অনুসন্ধিত্সু লোকৰ বাবে বিশ্লেষণাত্মক জ্ঞান-চৰ্চাৰ দ্বাৰা সাধন কৰা জ্ঞানযোগ ।
গীতাত আৰু এবিধ যোগৰ কথা কৈছে হেয়া হল- ৰাজযোগ (গীতাৰ পৰিভাষাৰে ধ্যানযোগ)।
কৰ্মযোগ
কৰ্মযোগ বৈছে আত্মত্যাগৰ সাধনা । মই আৰু মোৰ ভাৱ নাইকীয়া কৰি নিৰ্লপ্তভাৱে কৰ্ম কৰাৰ সাধনা । কৰ্মসচেতনতা আৰু কৰ্মফলত অনাসক্তি- এই সাধনাৰ চাবি কাঠি।
ভক্তিযোগ
ভক্তিযোগ হৈছে হৃদয় উজাৰি প্ৰেমভাৱেৰে ভগৱানৰ উচৰত উচৰ্গা কৰাৰ সাধনা । শ্ৰীমদ্ভাগৱত মহাপুৰাণ আৰু অনান্য ভক্তি শাস্তসমূহত- শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, পদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য আৰু আত্মনিৱেদন এই নবিধ ভক্তিৰ কথা উল্লেখ আছে ।
জ্ঞানযোগ
জ্ঞানযোগ হৈছে আত্ম-বিশ্লেষণৰ যোগ । এই যোগত বিবেক-বুদ্ধিক আহিলা হিচাপে লৈ সূক্ষ্ম বিচাৰ-বিশ্লেষণেৰে সত্যৰ স্বৰূপ , সুখ-দুখৰ প্ৰকৃতি আৰু কাৰণ অনুসন্ধান কৰা হয । জ্ঞানযোগৰ পদ্ধতি হৈছে-প্ৰথমো শ্ৰৱণ বা আধ্যয়ন, তাৰ পাছত মনম আৰু বিশ্লেষণ, আৰু শেষত নিদিধ্যাসন অৰ্থাত্ গভীৰ ধ্যান ।
ৰাজযোগ
ৰাজযোগ হৈছে আত্ম-সংজমৰ যোগ । এই যোগত ধাৰণা, ধ্যানৰ অভ্যাসেৰে মনক প্ৰশান্ত আৰু একাগ্ৰ কৰি আত্মাৰ স্বৰূপ উপলব্ধিৰ ফালে আগবাঢ়ি যোৱা হয় আৰু সমাধি অৱস্থাত সেই উপলব্ধি লাভ কৰা হয় ।
যোগতত্ব উপনিষদ, যোগশিখা উপনিষদ, শিৱসংহিতা আদিত চাৰি প্ৰকাৰৰ যোগৰ কথা উল্লেখ আছে- মণ্ত্ৰযোগ, লয়যোগ, হঠযোগ আৰু ৰাজযোগ ।
ইউৰোপীয় যোগী আৰ্ণেষ্ট উডে সাত প্ৰকাৰৰ ভাৰতীয় আৰু তিনি প্ৰকাৰৰ অনাভাৰতীয় যোগৰ পদ্ধতি উল্লেখ কৰিছে ।তেখেতে বৰ্ণনা কৰা
ভাৰতীয় যোগ-পদ্ধতি সমূহ হৈছে-
১. পতজ্ঞলিৰ ৰাজযোগ
২. শ্ৰীকৃষ্ণৰ কৰ্ম আৰু বুদ্ধিযোগ
৩. শংকৰাচাৰ্যৰ জ্ঞানযোগ
৪. হঠযোগ
৫. লয়যোগ
৬. ভক্তিযোগ
৭. মণ্ত্ৰযোগ
আনাভাৰতীয় পদ্ধতিসমূহ হল-
১. পাৰ্চীয়ান চুফীযোগ
২. বুদ্ধৰ মহান অষ্ঠমাৰ্গ
৩. চীন-ঝাপানী ঋেনযোগ
1 Comments
Good
ReplyDeleteWelcome to our Blog