যোগৰ অংগসমূহ
পতঞ্জলিয়ে যোগৰ প্ৰণালীক আঠটা উপাদান বা অংগৰে সুসজ্জিত কৰিছিল । তেখেতৰ 'যোগসুত্ৰ ' নামৰ বিখ্যাত গ্ৰন্থখনত উল্লেখিত যোগৰ অংগসমূহ হল - যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি ।
- যম
- নিয়ম
- আসন
- প্ৰাণায়াম
- প্ৰত্যাহাৰ
- ধাৰণা
- ধ্যান
- সমাধি
তেখেত যোগৰ এই অংগসমূহৰ দ্বাৰাই এজন সাধকক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক এই আটাইকেইটা দিশতে বিকাশ সাধন কৰি যোগৰ চৰম লক্ষ্য- আত্মা পৰমাত্মাৰ একত্ব উপলদ্ধিলৈ আগ বঢ়াই নিবলৈ প্ৰয়াস কৰিছিল।
পতঞ্জলিৰ যোগৰ অংগসমূহৰ প্ৰত্যেকটো অংগই হ'ল- মানুহৰ শৰীৰৰ আভ্যন্তৰৰ গভীৰতাত সুপ্ত হৈ থকা দৈৱক শক্তিক জাগৃত কৰি বিকাশ কৰিবৰ বাবে শাৰীৰ আৰু মনৰ ওপৰত স্বইচ্ছাৰে কৰা একো একোটা সংযম
যম : যম হল পতঞ্জলিয়ে দিয়া সংযম গোষ্ঠীৰ প্ৰথম সংযম। ই হল স্বেচ্ছাৰে পালন কৰা কিছুমান বাধা নিষেধ । যমত কিছুমান অনৈতিক কাৰযৰ পৰা নিজক কায়মনোবাক্যে দূৰত ৰাখি নৈতিক কাৰ্য্যত আত্মনিয়োগ কৰা। পতঞ্জলিৰ মতে যম হ'ল পাঁচ প্ৰকাৰৰ-
- অহিংসা
- সত্য
- অস্তেয়
- ব্ৰহ্মচৰ্য
- অপৰিগ্ৰহ
নিয়ম
পতঞ্জলি যোগৰ দ্বিতীয় অংগ নিয়ম হ'ল শৃংখলাৱদ্ধভাৱে জীৱনটোক গঢ়ি দি যোগ সাধনাৰ পথত আগবঢ়াই লৈ যাবৰ বাবে নিত্য পালনীয় কিছুমান নৈতিক কৰ্তব্য। পতঞ্জলিৰ মতে নিয়ম পাঁচবিধ
- শৌচ
- সন্তোষ
- তপস্যা
- স্বাধ্যায়
- ঈশ্বৰ প্ৰবিধান
নিয়মসমূহ হ'ল ব্যক্তিগত জীৱনত পালন কৰিবলগীয়া কৰ্তব্য। নিয়মসমূহ পালনে ব্যক্তিৰ শৰীৰ মনক পবিত্ৰ আৰু উদ্বেগ উত্কণ্ঠাবিহীন কৰি ব্যক্তিক স্থিতপ্ৰজ্ঞ ব্যক্তিলৈ ৰূপান্তৰিত কৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিয়ে।
আসন
আসন হৈছে পতঞ্জলি অষ্টাঙ্গ যোগৰ তৃতীয় অংঙ্গ ই ব্যক্তিৰ চিত্তক সংস্কাৰযুক্ত কৰি চৈতন্যৰ ৰূপান্তৰ আনিবৰ বাবে শাৰীৰিক পৰিৱেশ সৃষ্টি কৰে।
পতঞ্জলিয়ে স্থিৰতা আৰু সুখ এই দুটা অৰ্থব্যঞ্জক শব্দৰে আসনৰ সংজ্ঞা দিছে। পতঞ্জলিৰ মতে যি শাৰীৰিক স্থিতিয়ে বা ভংগীয়ে স্থিৰতা আৰু সুখ আনে সেয়াই আসন। আসন হ'ল এনে কিছুমান শাৰীৰিক ভংগী যি ভংগীত অৱস্থানৰ অভ্যাস কৰিলে আভ্যন্তৰৰ অংগসমূহৰ সবল সতেজ আৰু কৰ্মক্ষম হৈ শৰীৰৰ জড়তা,দুৰ্বলতা,অস্থিৰতা, এলাহ, ৰোগ আদি নাইকিয়া হয় আৰু মনৰ স্থিৰতা, সজীৱতা,ক্ষিপ্ৰতা,সজাগতা আৰু সহনশীলতা বৃদ্ধি হয় ।
প্ৰাণায়াম
প্ৰাণায়াম হ'ল প্ৰাণশক্তিক আয়ত্তাধীন কৰি তাক সঞ্চয় আৰু বিস্তাৰ কৰা।যি চৈতন্য শক্তি প্ৰবাহিত হৈ প্ৰাণীজগত উদ্ভিদ জগত তথা বিশ্বব্ৰহ্মাণ্ডক চেতনা দি কৰ্মৰত কৰি ৰাখিছে সেই মহাশক্তিয়েই প্ৰাণ।
সৰ্বশক্তিমান প্ৰাণক জয় কৰি নিজৰ নিয়ন্ত্ৰণাধীন কৰি ৰখাই প্ৰাণায়াম লক্ষ। প্ৰাণায়ামৰ সাধনা আৰম্ভ হয় অনন্ত প্ৰাণসমুদ্ৰৰ যি ক্ষুদ্ৰ প্ৰৱাহে আমাৰ প্ৰাণময় কোষত অৱস্থিত হৈ শৰীৰৰ আৰু মন পৰিচালনা কৰি আছে সেই প্ৰাণ প্ৰৱাহক নিয়ন্ত্ৰণ কৰা প্ৰচেষ্টাৰে । এই ক্ষুদ্ৰ প্ৰাণ প্ৰৱাহক জয় কৰিব পাৰিলে গোটেই প্ৰাণসমুদ্ৰক জয় কৰা আশা কৰিব পাৰি। কাৰণ বিশ্বব্যাপী থকা অনন্ত প্ৰাণসমুদ্ৰৰ লগত প্ৰাণপ্ৰৱাহৰ সম্পৰ্ক ওতঃপ্ৰোত। প্ৰাণায়াম সেইবাবেই শৰীৰস্থিত প্ৰাণ প্ৰৱাহক আয়ত্তাধিন কৰি বিশ্ব প্ৰাণ প্ৰবাহৰ লগত ইয়াৰ ঐক্য স্থাপন কৰিবলৈ চেষ্টা কৰা হয়। যি এই সাধনাত সিদ্ধ লাভ কৰিব পাৰে তেওঁ সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সকলোতে ইচ্ছামতে বিচৰণ কৰিব পৰা হয়।
প্ৰত্যাহাৰ
প্ৰত্যাহাৰ হ'ল বহিৰ্মুখী ইন্দ্ৰিয়সমূহক সেইসমূহৰ বিষয় বাসনা থলীৰ পৰা আঁতৰাই আনি অন্তৰ্মুখী কৰা।পতঞ্জলিয়ে যোগসূত্ৰত কৈছে যে - " ইন্দ্ৰিয়সমূহে নিজ নিজ বিষয় পৰিত্যাগ কৰি চিত্তক স্বৰূপ গ্ৰহণ কৰাই প্ৰত্যাহাৰ "
ব্যক্তিৰ এটা ইন্দ্ৰিয়ও যদি সংযমৰ বাহিৰত থাকে তেতিয়াও মন চঞ্চল হৈ উঠিব আৰু বুদ্ধি নাশ হ'বলৈ আৰম্ভ কৰিব। গতিকে বুদ্ধিক স্থিৰ কৰিবলৈ আৰু মনক অচঞ্চল কৰিবলৈ হলে পঞ্চ জ্ঞানেন্দ্ৰীয়ৰ আটাইকেইটা ইন্দ্ৰিয়কে নিজ নিজ বিষয়ৰ পৰা আঁতৰাই আনি অন্তৰ্মুখী কৰি চিত্তৰ স্বৰূপক উপলদ্ধি কৰোৱাত লগাব লাগিব।
ধাৰণা, ধ্যান আৰু সমাধি
চিত্তক কোনো বিশেষ স্থানত আবদ্ধ কৰি ৰখাৰ নামেই ধাৰণা। এই ধাৰণা যেতিয়া বেছি পৰলৈকে স্থায়ী হয় তেতিয়া ইয়াক ধ্যান বোলে। ধ্যানত মন ইফাল সিফাল গতি নকৰাকৈ ধ্যেয় বস্তুৰ ওপৰতে নিৰবিচ্ছিন্ন ভাৱে নিমগ্ন হৈ থাকে। ধ্যান ক্ৰমে গভীৰ হৈ এনে এটা অৱস্থাপ্ৰাপ্ত হয় যি অৱস্থাত ধ্যানীৰ সত্তাজ্ঞান লোপ পায় আৰু ধ্যানী ধ্যেয়ত সম্পূৰ্ণভাবে নিমজ্জিত বা লীন হৈ পৰে সেই অৱস্থাকে সমাধি বুলি কোৱা হয় ।
ধাৰণাৰ ধ্যানৰ অভ্যাসে ব্যক্তিৰ মন প্ৰশান্তি কৰি তোলে আৰু ইয়াক আয়ত্তৰ অধীনলৈ আনে ।
0 Comments
Welcome to our Blog